Skip to content

The ePrazukti Blog

eprazukti.com

Menu
  • Main Site
  • The Blog
Menu

ভাৰতত বন্ধ হ’ব নেকি এণ্ড্ৰইড মোবাইল ? আই আই টি মাদ্ৰাজে নিৰ্মাণ কৰি উলিয়াইছে নতুন মোবাইল অপাৰেটিং চিষ্টেম

Posted on January 22, 2023January 23, 2023 by ePrazukti

মোবাইল অপাৰেটিং চিষ্টেম বুলিলে বৰ্তমান আমাৰ মনলৈ গুগলৰ এণ্ড্ৰইড আৰু এপলৰ আই অ’ এছ এই দুটা নামেই মনলৈ আহে। অৱশ্যে শেহতীয়াকৈ এণ্ড্ৰইডক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে বিভিন্ন নতুন থলুৱা অপাৰেটিং চিষ্টেমৰ উন্মেষ ঘটিছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি মাদ্ৰাজ (আই আই টি মাদ্ৰাজ)-ৰ অধীনৰ এটা ষ্টাৰ্টআপে নিৰ্মাণ কৰি উলিওৱা এনে এটা থলুৱা মোবাইল অপাৰেটিং চিষ্টেমে ভাৰতৰ ১০ কোটি মোবাইল ফোন গ্ৰাহকক সহায় কৰিব বুলি কোৱা হৈছে।

‘BharOS’ নামেৰে মুকলি কৰা এই ছফটৱেৰটো বাণিজ্যিকভাৱে উপলব্ধ ডিভাইচত ব্যৱহৃত হ’ব পাৰে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীৰ বাবে এক নিৰাপদ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে ‘আত্মনিৰ্ভৰ ভাৰত’ত যথেষ্ট অৰিহণা যোগোৱাৰ কথা ভবা হৈছে । BharOS ৰ সেৱাসমূহ এতিয়া খুব  গোপনীয়তা আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা এনে কিছুমান সংস্থাক যোগান ধৰা হ’ব, যাৰ কৰ্মচাৰীসকলে সীমিত মোবাইল এপৰ জৰিয়তে গোপন পাৰস্পৰিক ক্ৰিয়াৰ প্ৰয়োজনীয়তা থকা স্পৰ্শকাতৰ তথ্যসমূহ বিতৰণ কৰে।

BharOS ত কোনো ডিফল্ট এপ নাই। ইয়াৰ অৰ্থ হ’ল গ্ৰাহকে এনে এপ ব্যৱহাৰ কৰিবলৈ বাধ্য নহয় যিবোৰৰ সৈতে তেওঁলোক অচিনাকি বা যাক তেওঁলোকে বিশ্বাস নকৰে। ইয়াৰ উপৰিও, এই কৌশলে গ্ৰাহকসকলক এপ্লিকেচনসমূহে তেওঁলোকৰ ডিভাইচৰপৰা লোৱা অনুমতিসমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ সুবিধা প্ৰদান কৰে। ফলত তেওঁলোকে তেওঁলোকৰ ডিভাইচত থকা বিশেষ কাৰ্যক্ষমতা বা ডাটা তেওঁলোকে বিশ্বাস কৰা এপসমূহতে সীমাৱদ্ধ কৰাব পাৰিব।

BharOS এ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰতিষ্ঠানৰ ব্যক্তিগত এপ ষ্ট’ৰ সেৱা (PASS)ৰ পৰা বিশ্বাসযোগ্য এপসমূহৰ সংস্থাপনৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ অৰ্থ হ’ল গ্ৰাহক নিশ্চিত হ’ব পাৰিব যে তেওঁলোকে ইনষ্টল কৰা এপ্লিকেচনসমূহ সুৰক্ষিত আৰু সম্ভাৱ্য সুৰক্ষা ত্ৰুটি বা গোপনীয়তা সমস্যাৰ বাবে সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হৈছে।

যোৱা ১৯ জানুৱাৰী ২০২৩ তাৰিখে আই আই টি মাদ্ৰাজে এখন সংবাদ-মেলত BharOS সম্পৰ্কে ঘোষনা কৰাৰ পাছৰেপৰা মানুহৰ মনলৈ বিভিন্ন খু-দুৱনি আহিছে। তলত আমি BharOS ৰ বিষয়ে এতিয়ালৈকে গম পোৱা কেইটামান মূল কথা উল্লেখ কৰিছোঁ।

BharOS কি?

BharOS হৈছে AOSP (Android Open Source Project) ভিত্তিক অপাৰেটিং চিষ্টেম যাৰ কোনো গুগল এপ বা সেৱা নাই। ইয়াক আইআইটি মাদ্ৰাজৰ অধীনৰ এটা  অব্যৱসায়িক সংস্থা জে অণ্ড কে অপাৰেচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছে।

BharOS এণ্ড্ৰইডৰ পৰা কেনেকৈ পৃথক?

কাৰিকৰীভাৱে BharOS গুগলৰ এণ্ড্ৰইডৰ পৰা ইমান পৃথক নহয়। আচলতে ইয়াৰ ভেটিটোৱেই হৈছে AOSP (Android Open Source Project)। BharOS আৰু এণ্ড্ৰইডৰ ৰ মাজত থকা প্ৰধান পাৰ্থক্যটো হৈছে মোবাইল এটা চলাবলৈ যিখিনি প্ৰাথমিক সুবিধাৰ প্ৰয়োজন কেৱল সেইখিনিহে BharOS ত দিয়া হৈছে। বাকীখিনি ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰয়োজনীয়তা আৰু উপলব্ধতা অনুসৰি নিজে সংস্থাপন কৰি ল’ব।

আপোনাৰ ফোনত BharOS কেনেকৈ ইনষ্টল কৰিব?

বৰ্তমানলৈকে BharOS কেতিয়া ডাউনলোডৰ বাবে উপলব্ধ হ’ব সেই সম্পৰ্কে কোনো তথ্য আমি বিচাৰি পোৱা নাই।

আপোনাৰ পৰৱৰ্তী স্মাৰ্টফোনত BharOS চলিবনে?

বৰ্তমান কোনবিলাক ফোনে BharOS সমৰ্থন কৰিব তাৰ কোনো নিশ্চয়তা পোৱা নাই। অৱশ্যে অনাগত দিনত BharOS ৰ অন্তৰ্ভুক্তিৰে ফোন নিৰ্মাণ কৰিবৰ বাবে BharOSৰ নিৰ্মাতাই কিছুমান ডাঙৰ প্ৰতিষ্ঠানৰ সৈতে সৈতে অংশীদাৰিত্ব কৰাৰ সম্ভাৱনা আছে। BharOS Google Pixel স্মাৰ্টফোনৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি কোৱা হৈছে যদিও নিৰ্মাতাসকলে BharOS সমৰ্থন কৰিব পৰা সঠিক মডেল এতিয়াও নিশ্চিত কৰা নাই।

BharOS এণ্ড্ৰইডতকৈ ভাল নেকি?

BharOSৰ নিৰ্মাসকলে দাবী কৰিছে যে বৈশিষ্ট্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত BharOS এণ্ড্ৰইড আৰু iOS দুয়োটাতকৈ ভাল। তদুপৰি তেওঁলোকে এইটোও দাবী কৰিছে যে BharOS এ আনকি ডিভাইচটোৰ বেটাৰী জীৱনকালো দীঘলীয়া কৰিব পাৰে।

BharOS এ এণ্ড্ৰইডৰ ঠাই লব পাৰিবনে?

নাই, ই এতিয়াই এণ্ড্ৰইডৰ ঠাই ল’ব নোৱাৰে, যদিও ই এণ্ড্ৰইড আৰু আই অএছৰ বিকল্প হিচাপে আহিব পাৰে, ই এতিয়াও বহু দূৰ আগবাঢ়িবলৈ বাকী আছে। মোবাইল নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহ আৰু ব্যৱহাৰকাৰীৰ সমৰ্থন পালেহে ই প্ৰসাৰতা লাভ কৰিব পাৰিব।

facebookShare on Facebook
TwitterTweet
FollowFollow us

Recent Posts

  • ভাৰতত বন্ধ হ’ব নেকি এণ্ড্ৰইড মোবাইল ? আই আই টি মাদ্ৰাজে নিৰ্মাণ কৰি উলিয়াইছে নতুন মোবাইল অপাৰেটিং চিষ্টেম

Recent Comments

No comments to show.

Archives

  • January 2023

Categories

  • Technology
© 2025 The ePrazukti Blog | Powered by Minimalist Blog WordPress Theme